অসম

দক্ষিণ শালমাৰা মাদ্ৰাছা স্কুলত আৰক্ষীৰ অভিযান

প্ৰথম খবৰ, নিউজ ব্যুৰ’: দক্ষিণ শালমাৰা জিলাৰ সাদুল্লাবাৰী এখন উচ্চ শাখাৰ মাদ্ৰাছা স্কুলত আৰক্ষীৰ অভিযান। মুন্তাজ আলি ছিনিয়ৰ মাদ্ৰাছা স্কুলত মধাহ্ন ভোজনৰ চাউলক লৈ খেলিমেলিৰ অভিযোগ। মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক জনে দীৰ্ঘ দিন ধৰি স্কুল খনত দুপৰীয়া আহাৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ। প্ৰধান শিক্ষকৰ বিৰুদ্ধে কালাপানী স্কুলত গোচৰ দাখিল কৰাৰ পাছত আৰক্ষী উপস্থিত হয় মাদ্ৰাছা স্কুলখনত। স্কুল খনৰ গুদাম ঘৰৰ পৰা ৪৬ বস্তা দুপৰীয়া আহাৰৰ চাউল আৰক্ষীয়ে জব্দ কৰে। ইয়াৰ পূৰ্বেও প্ৰধান শিক্ষক জন দুপৰীয়া আহাৰৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ আছে। ৰাইজে প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Close