অসম

দ্বাৰকুচিত এবিএমছুৰ আব্দুল কালামক বন্তি প্ৰজ্জ্বলনেৰে সোঁৱৰণ

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দ্বাৰকুচিত আজি সন্ধিয়া দ্বাৰকুচি আঞ্চলিক এবিএমছুই প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ডাঃ এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী পালন কৰি তেওঁক শ্ৰদ্ধাৰে সোৱৰণ কৰে। আজি সন্ধিয়া দ্বাৰকুচি চকত এবিএমছুৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইন, দ্বাৰকুচি আঞ্চলিক এবিএমছুৰ সভাপতি আক্কেল হুছেইন, সাধাৰণ সম্পাদক বদৰুদ্দিন খান, প্ৰাক্তন ছাত্র নেতা ৰুবুল দাস, শিক্ষাবিদ মুনিন্দ্ৰ ডেকা, সমাজকৰ্মী দিলীপ দাসকে ধৰি ৰাইজৰ উপস্থিতিত বন্তি প্ৰজ্জ্বলন কৰে গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োই। ৩০১ গছি বন্তি প্ৰজ্বলনেৰে মিছাইল মানৱ গৰাকীক সোঁৱৰণী অনুষ্ঠানটোত ৰাজেন বড়োই কয় যে, আজিৰ এই দিনটোত দেশৰ ৰাইজ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐক্যভাৱে থাকিবলৈ সংকল্পবদ্ধ হ’ব লাগে আৰু তেতিয়াহে দেশখনত শান্তি-সম্প্ৰীতি ৰক্ষা হ’ব। বড়োই মহামানৱ গৰাকীৰ আদৰ্শৰে সকলোকে আগুৱাই যোৱাৰ বাবে আহ্বান জনায়।

Related Articles

Leave a Reply

Close