অসম

দৰং জিলাৰ বানপীড়িত ৰাইজক দৰঙী ফেচবুক সতীৰ্থ সন্মিলনৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু খাদ্য সামগ্ৰী বিতৰণ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: আজি দৰং জিলাৰ চেৰেং চাপৰিত দৰঙী ফেচবুক সতীৰ্থ সন্মীলনৰ উদ্যোগত আৰু আইদেউ টকীজ অসম, প্ৰফুল্ল নগৰ সন্মীলিত যুৱ মঞ্চৰ সহযোগত ব্ৰক্ষ্মপুত্ৰ পাৰৰ চেৰেং চাপৰিত বিনামূলীয়া চিকিৎসা শিৱিৰৰ ব্যৱস্থা আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে । এই কাৰ্য্যসূচীত মংগলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, সেনা বিষয়া, দৰং জিলাৰ এন, আৰ এইচ এম ৰ বিষয়া, চিকিৎস সকলৰ উপস্থিতত বানপীড়িত লোক সকলক বিনামূলীয়া চিকিৎসা প্ৰদান, ঔষধ, আঠোৱা, খাদ্য সামগ্ৰীৰ বিভিন্ন বস্তু প্ৰদান কৰে লগতে ৩৫৮ গৰাকী ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে । আৰু ঔষধ যুক্ত আঠোৱা প্ৰদান কৰে । লগতে দৰঙী ফেচবুক সতীৰ্থ সন্মীলনীৰ বিষয়ববীয়া শশাংক কুমাৰ শইকীয়া, পাপু কাবিৰ, অনিতা ৰাজবংশী নেতৃত্বত বিষয়ববীয়া সকলে বিস্কুট, পানীৰ বটল আদিৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে বানপীড়িত সকলক । এই কাৰ্য্যসূচী গ্ৰহণ কৰাৰ বাবে দৰং জিলাৰ বিভিন্ন জনে ধন্যবাদ জ্ঞাপন কৰে উদ্যোগতা সকলক ।

Related Articles

Leave a Reply

Close