অসম

দৰং জিলাৰ মংগলদৈত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল কেন্দ্ৰৰ শুভাৰম্ভণি

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: দৰং জিলাৰ মংগলদৈত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল কেন্দ্ৰটি উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই। উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মংগলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, দৰং জিলা পৰিষদৰ মুখ্য কায্যবাহী বিষয়া ভুপেশ চন্দ্ৰ দাস, মংগলদৈ এচ আৰ ডি ৰ উদ্যোগপতি মুকুল ডেকাৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই কৌশল কেন্দ্ৰটিৰ পৰা বিভিন্ন বিষয়ত তিনি মহীয়া প্ৰশিক্ষণ লৈ অসম তথা ভাৰতৰ বিভিন্ন কোম্পানীত চাকৰিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। এই কেন্দ্ৰটি অ’ৰিঅ’ন এডুটেক নামৰ এটি শিক্ষামুলক সংস্হাই পৰিচালনা কৰিব। এই কেন্দ্ৰটি ৰ জৰিয়তে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ নিৱনুৱা যুৱক যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপন ল’ব পাৰিব। এটি প্ৰশিক্ষণ কেন্দ্ৰটিয়ে দৰং জিলাৰ যুৱক-যুৱতীৰ লৈ আশাৰ ৰেঙনি আনিছে বুলি বিভিন্ন লোকে কৈছে । বৰ্তমান প্ৰশিক্ষণ কেন্দ্ৰটিত নামভৰ্ত্তিৰ প্ৰ পত্ৰ দি আছে।  প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচৰা যুৱক-যুৱতী সকলক প্ৰ-পত্ৰ গ্ৰহণ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিব লৈ আহ্বান জনাইছে কেন্দ্ৰটিৰ কেন্দ্ৰ পৰিচালক ইমতিয়াজ আহমেদে লগতে দৰং জিলাৰ সমুহ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে।

Related Articles

Leave a Reply

Close