অসম

ধেমাজি টাউন হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সমাৰোহৰ ব্যাপক আয়োজন

প্ৰথম খবৰ, ধেমাজি: ১৯৭৫ চনতে ধেমাজি জিলাৰ সদৰত স্থাপিত হোৱা ধেমাজি টাউন হাইস্কুলৰ সভাগৃহত ২৬ জুলাই বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সমাৰোহ উদযাপনৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যক্ৰমণিকা অনুসৰি পুৱা 8 বজাৰ পৰা সামুহিক চাফাই, বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰীতিমূলক প্ৰতিযোগিতা, প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ নাম পঞ্জীয়ন, অন্তৰঙ্গ আলাপ, মুকলি সভাকে আদি কৰি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থা সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে নিৰ্দিষ্ট বক্তা, সোণাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোৰমা মৰাঙে মুখ্য অতিথি, ধেমাজি টাউন হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত হাজৰিকাই বিশিষ্ট অতিথিৰ আসন অলংকিত কৰিব বুলি স্থায়ী সমিতিৰ সভাপতি কৰুণজ্যোতি চেতিয়াই আজি এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে। প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলে বিদ্যালয়ৰ উন্নয়ন, ছাত্ৰ- ছাত্ৰীৰ গুণগত মান বৃদ্ধি কৰা আদি কেইবাটাও বিষয়ত আলোচনা কৰি সাহায্য কোষ গঠন কৰাৰ বিষয়টোৰ ওপৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে। সভাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলক উপস্থিত থাকিবলৈ স্থায়ী সমিতি আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close