অসম

নগাঁওৰ শালনাত ডকাইতি কাণ্ড

প্ৰথম খবৰ,পুৰণিগুদাম: নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা অাৰক্ষী চকীৰ অন্তৰ্গত শালনাত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক ডকাইতিৰ ঘটনা ৷ শালনা অঞ্চলৰ নিবাসী দেৱ দিগাল নামৰ লোকজনৰ ঘৰত যোৱা নিশা প্ৰায় দুই বজাত গ্ৰীলৰ তলা ভাঙি এটি ছয়জনীয়া ডকাইতৰ দল প্ৰৱেশ কৰে ৷ আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু- সজ্জিত ডকাইতৰ দলটোৱে গৃহত প্ৰৱেশ কৰি দেৱ দিগালৰ লগতে তেওঁৰ পত্নী বিৰলা দিগালক মাৰপিট কৰি চোকা অস্ত্ৰ আৰু পিষ্টল দেখুৱাই সোণ,ৰূপৰ গহণাসহ নগদ চল্লিশ হাজাৰ টকা লুট কৰে ৷ উল্লেখ্য যে,ডকাইটি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা শালনা আৰক্ষী চকীৰ দূৰত্ব বেছি নহয় ৷ ইতিমধ্যে শালনা আৰক্ষীয়ে ডকাইতি ঘটনাৰ লগত জড়িত ডকাইতৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close