অসম

নগাঁৱত অব্যাহত বনাঞ্চল ধ্বংস। চলি আছে অবৈধ কাঠমিল

প্ৰথম খৱৰ, কামপুৰ: ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মধ্য অসমতো চলি আছে বনাঞ্চল ধ্বংস কাৰ্য্য ।ৰাজ্যৰ বনমন্ত্ৰী গৰাকীয়ে যিমানেই দম্ভালি নামাৰক কিয় একাংশ বনকৰ্মীৰ আৰ্শীবাদত এতিয়াও মধ্য অসমত চলি আছে বনাঞ্চল ধ্বংস কাৰ্য্য । এই দৃশ্যই তাকেই প্ৰমাণ কৰিব । বৰ্তমানেও মধ্য অসমত কেনেদৰে মুক্ত ভাবে চলি আছে অবৈধ কাঠফলা মিল । সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য । কেমেৰা দেখি অবৈধ কাঠফলা মিলৰ লগত জড়িত দুষ্কৃতিকাৰী সকল পলাই যায়। এই দৃশ্য কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ সীমান্তত । এনেদেই অকল কামপুৰতেই নহয় মধ্য অসমৰ লগতে সমগ্র ৰাজ্যখনতেই চলি আছে বনাঞ্চল ধ্বংস কাৰ্য্য । ইফালে কামপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্ভূক্ত বৰপানী বনাঞ্চলত এতিয়া চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি। চোৰাং কাঠ বেপাৰীয়ে কাতি তহিলং কৰিলে বনাঞ্চল খনৰ বহু মূল্যবান গছ। এতিয়া বনাঞ্চল খনত গছৰ পৰিবৰ্তে অাপুনি দেখা পাব শ শ জুপুৰি ঘৰ।একাংশ লোকে ব্যাপক বেদখল কৰিছে বনাঞ্চল খনত।নিশাৰ ভিতৰতে গঢ় লৈ উঠে ইটোৰ পাছত সিটো ঘৰ। ইমানৰ পাছতো নিৰৱ ভূমিকা গ্ৰহণ কৰিছে কামপুৰ আঞ্চলিক বন বিভাগৰ লগতে ৰাজ্যৰ বিয়াগোম বন বিভাগটোৱে। কামপুৰ আঞ্চলিক বনকৰ্মী জনৰ গোপন বুজা-বুজিৰ ফলতেই এনেদৰে এফালৰ পৰা ধ্বংস হৈছে বনাঞ্চল। বিগত ১৫ বছৰ ধৰি শাসনত থকা কংগ্ৰেছৰ অামোলতেই অাৰম্ভ হৈছিল বনজ সম্পদ ধ্বংসৰ অভিযান। বন বিষয়াৰ মুখেৰেই প্ৰকাশ সেই ভয়ংকৰ তথ্য। উল্লেখযোগ্য যে, ৩৩ হাজাৰ হেক্টৰ ভূমিৰ বৰপানী বনাঞ্চল খন এতিয়া বেদখলকাৰী অাৰু চোৰাং কাঠ বেপাৰীৰ কবলত। প্ৰকৃতি প্ৰেমী আৰু সচেতন মহলৰ দাবী এই বন ধ্বংসৰ লগত জড়িত বন বিভাগৰ বিষয়া কৰ্মী আৰু চোৰাং কাঠ ব্যৱসায়ী তথা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close