অসম

নগৰবেৰাত বাঘৰ পোৱালি উদ্ধাৰ

প্ৰথম খবৰ,নগৰবেৰা: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ভখুৰাদিয়া(মহিশখুটি)গাঁওত এডাল গছৰ পৰা এটা লতা মেকুৰী বাঘৰ পোৱালী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, জিলা খনৰে নগৰবেৰা নদী সংৰক্ষিত আৰু বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ভখুৰাদিয়াত আজি পুৱাত এখন গছত এটা লতামেকুৰী বাঘৰ পোৱালীটো গাঁও খনৰে এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰি গাঁওৰ একাংশ ৰাইজক খবৰ দিয়ে। ঘটনাস্থলীত ৰাইজে উপস্থিত হৈ বিভিন্ন পন্থা অৱলম্বন কৰি পোৱালীটোক গছ খনৰ চাৰিও ফালে আৱৰি থকা বাৰিষাৰ পানীত পেলায় দিয়ে যদিও বাঘৰ পোৱালীটো পানীত পৰি য়ে সাঁতুৰি যাবলৈ চেষ্টা কৰাৰ সময়তে ৰাইজে বাঘৰ পোৱালিটোক আবদ্ধ কৰি নগৰবেৰা নদী সংৰক্ষন আৰু বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীক খবৰ দি লৈ বাঘৰ পোৱালিটোক বন কৰ্মী চমজাই দিয়ে। উল্লেখ্য যে-বাঘৰ পোৱালী টো গুৱাহাটী চিৰিয়াখানা লৈ যোৱা হব বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ ৷

Related Articles

Leave a Reply

Close