অসম

নলবাৰীত ভোলে সেৱা দলৰ সমদল

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ পৰা অমৰনাথ ভোলে সেৱা দলৰ উদ্যোগত শনিবাৰে নলবাৰী চহৰৰ মাজেৰে বাইকৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শতাধিক ভোলেয়ে অংশ লোৱা এই শোভাযাত্ৰা উদ্ধোধন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক বসন্ত দাসে। উল্লেখ্য যে ১৯৯৩ চনৰ পৰা সুদীৰ্ঘ ২৪ বছৰ ধৰি অমৰনাথ ভোলে সেৱা দলে অমৰনাথ বৰ্ফানী যাত্ৰা কৰি আহিছে। এইবেলি অহা ৩ জুলাইত অমৰনাথ ভোলে সেৱা দলৰ ১০০ জনীয়া দল এটাই কাশ্মীত থকা অমৰনাথ গুহালৈ যাত্ৰা কৰিব। শনিবাৰে এই উদ্দেশ্যে ধৰ্মীয় শোভাযাত্ৰাৰ লগতে বিশাল ভাণ্ডাৰা আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close