অসম

নলবাৰীত ৰাষ্ট্ৰীয় মীন দিৱস উদযাপন

প্ৰথম খবৰ, নলবাৰী: আজি নলবাৰী জিলা মীন বিভাগৰ উদ্যোগত নলবাৰী পেন্সনৰ ভৱনত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় মীন দিৱস উদযাপন কৰা হয়। তদুপলক্ষে সমাজকৰ্মী দক্ষৰাম বৰ্মনৰ সভাপতিত্ব এখন মীন সজাগতা সভা অনুষ্ঠিত হয়। মীন সম্প্ৰসাৰণ বিষয়া কল্পজিত কলিতাই আঁত ধৰা সভাত ৰাষ্ট্ৰীয় মীন দিৱস উপলক্ষে নলবাৰীৰ দুই প্ৰগতিশীল মীন পালক দীনেশ গোস্বামী আৰু সমৰজিত তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত সভাৰ পূৰ্বে নলবাৰী গোপালবজাৰৰ তিনিকোণীয়া পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়া হয়। কাৰ্যসূচীত জিলা মীন বিষয়া প্ৰতুল বেজবৰুৱা, মীন সম্প্ৰসাৰণ বিষয়া ৰাতুল শৰ্মা, হেমেন ডেকা, বিৰাজ বিকাশ শৰ্মা, মীন সম্প্ৰসাৰণ কৰ্মী প্ৰদীপ শৰ্মা প্ৰমুখ্যে জিলা খনৰ মীন পালক সকলে অংশ গ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close