অসম

নলবাৰীৰ বিদ্যাপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক আশীৰ্বাদ

প্ৰথম খবৰ, নলবাৰী: আজি বিয়লি নলবাৰীৰ বিদ্যাপুৰ উন্নয়ন সমিতিৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতি বাবে এক ব্যতিক্ৰমী অনুষ্ঠান ‘আশীৰ্বাদ প্ৰদান ‘ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

শ্ৰুতিমালা চৌধুৰীৰ সৰস্বতী বন্দনাৰে আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত সভাপতিত্বত কৰে বিদ্যাপুৰ উন্নয়ন সমিতিৰ সভাপতি ডঃ দিনমণি ভাগৱতীয়ে। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই ভাষণত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ লগতে তেওঁলোকে দেশ-জাতিৰ বাবেও নিজকে উচৰ্গিত কৰক বুলি দোহাৰে।

উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু সম্পাদক বিপুল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত ৩০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আশীৰ্বাদ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close