অসম

নলবাৰীৰ বৰকুৰাত বিনামূলীয়া ইলেক্ট্ৰিকেল সামগ্ৰী বিতৰণ বিধায়কৰ 

প্ৰথম খবৰ, নলবাৰী: আজি নলবাৰীৰ বৰকুৰাত দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা আঁচনিৰ অধিনত অঞ্চলটোৰ ৭৫ টা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মাজত বিনামূলীয়া ইলেক্ট্ৰিকেল সামগ্ৰী তথা বিদ্যুৎ যোগান ধৰা হয়। উক্ত সামগ্ৰী সমূহ বিতৰণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। বিধায়ক গৰাকীয়ে সামগ্ৰী সমূহ বিতৰণ কৰি কয় – চৰকাৰে দুখীয়া ৰাইজৰ বাবে বিভিন্ন আঁচনি লৈছে। বিভাগীয়ভাৱে যোগাযোগ কৰি সুযোগ লওক। প্ৰতিটো পৰিয়ালৰ বাবে কিবা নহয় কিবা আঁচনি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে লৈছে বুলি দোহাৰে। অনুষ্ঠানত যুৱ নেতা অপূৰ্ব শৰ্মা, নিতুল ডেকা, জয়ৰাম বৰ্মন, খগেন ডেকা আৰু নলবাৰী বিদ্যুৎ বিভাগৰ বিষয়া -কৰ্মচাৰী সহ বহু সংখ্যক লোকে উপস্থিত থাকে।

Related Articles

Leave a Reply

Close