অসম

নাওবৈচাত পুনৰ বানৰ তাণ্ডৱ

প্ৰথম খবৰ, নাওবৈচা : লখিমপুৰ জিলাৰ নাওবৈচাত পুনৰ বানৰ তাণ্ডৱ৷অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত শিঙৰা নদীৰ জলপৃষ্ঠ বাঢ়ি বিস্তীৰ্ণ অঞ্চলত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ৰঙানদী আৰু বৰছলা ম’হঘুলি পাণধোৱা পঞ্চায়তৰ ১৫ খন গাঁৱৰ শতাধিক কৃষিজীৱি লোকৰ জীৱনলে নদীখনে অন্ধকাৰ নমায় আনিছে৷ দুটা কৃষি বান্ধ পঞ্চায়ত পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰিছিল যদিও জিলা প্ৰশাসনে বান্ধ দুটা কাটি দিয়াত পুনৰ বানে জটিল ৰূপ ধাৰণ কৰিছে৷বাঢ়নী পানীয়ে এনে ৰূপ ধাৰণ কৰি ম’হঘুলি গড়ছিগা গড়কাপ্তানি পথটোৰ ৮০ফুট অংশ চিঙি নামনিৰ অঞ্চল সমুহটো পানীয়ে ভয়ানক ৰূপ লয়৷ঠিক সমান্তৰালকৈ উজনীৰ ফালে নদীৰ বাঢ়নি পানীয়ে দ’লহাট বজাৰ গড়কাপ্তানি পথৰ মাথাউৰিটো ঠাইয়ে ঠাইয়ে পানী বাগৰি খহায় লৈ যায়৷অন্যহাতে বোকা নদীৰ বাঢ়নি পানীয়ে ৰানাবাৰি, পোতাবিল, কোটুকাই আদিকে বহু গাঁও প্লাৱিত হৈ পৰিছে৷ আজি বিয়লি ভাগলে কিছু পৰিমানে পানী কমা পৰিলক্ষিত হয়৷বানে জুৰুলা কৰা অঞ্চল সমূহত জিলা প্ৰশাসনে বান সাহাৰ্য্য নিদিয়া ফলত ৰাইজ ক্ষোভিত হৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close