অসম

নাওবৈচাত ৬০শতাংশ ঠাই এতিয়াও জলমগ্ন

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচাৰ ৬০শতাংশ ঠাই এতিয়াও জলমগ্ন হৈ আছে৷ বৰষুণ কমি যোৱাৰ বাবে কিছু পৰিমানে পানী ঠাইয়ে ঠাইয়ে কমিলেও সম্পূৰ্ণ নিৰাপদ হ’ব পৰা নাই বানাক্ৰান্ত সকল৷ প্ৰশাসনৰ তৰফৰ পৰা কোনো খাদ্য যোগান নধৰাত ৰাইজ ক্ষুব্ধ হৈছে৷ ওখ ঠাইৰ অভাৱত পহুধন মানুহ একে ঠাইতেই থাকিব লগা হৈছে৷ জনপ্ৰতিনিধি কেৱল ৰাষ্টাতে সীমাবদ্ধ, গাঁৱত গৈ খবৰ লোৱা পৰিলক্ষিত হোৱা নাই৷ য’ত খাদ্য সংকতে ভয়াৱহ ৰূপ লৈছে সেই সময়ত জনপ্ৰতিনিধিয়ে কেৱল দেখা দিয়ে হাত সৰা বুলি অভিযোগ আনিছে বানাক্ৰান্তই৷ পহুধনৰ খাদ্য নাটনিয়ে এক জটিল ৰূপ ধাৰণ কৰিছে৷

Related Articles

Leave a Reply

Close