অসম

নানান সমস্যাই জুৰুলা কৰিছে নাৰেংগী ফৰেষ্টগেট বাসীক, সংশ্লিষ্ট বিভাগক বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো ধৰা নাই কোনো ফল

প্ৰথম খবৰ, নাৰেংগী: ৰাজধানী দিচপুৰৰ গাতে লাগি থকা বৃহত্তৰ নাৰেংগী অঞ্চল বৰ্তমান সময়তো জৰ্জৰিত হৈ আছে বিভিন্ন সমস্যাৰে।এফালে যদি বিদ্যুতৰ সমস্যা আনফালে আকৌ খোৱা পানীৰ সমস্যা।বিগত কেইবাদিনো ধৰি বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী।সংশ্লিষ্ট বিভাগক বহুবাৰ অৱগৰ কৰাইছে যদিও কোনো ফল ধৰা নাই। আনহাতে, এটুপি খোৱাপানীৰ বাবে জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসী।দূৰ-দূৰণিৰ পৰা কঢ়িয়াব লগা হয় খোৱা পানী। খোৱাৰ অনুপযোগী পানী সেৱন কৰাৰ ফলত আক্ৰান্ত হৈছে বিভিন্ন ৰোগত।এই বিষয়ে স্থানীয় বিধায়কক বহুবাৰ আবেদন জনাইছে যদিও কোনো ধৰণৰ কাণসাৰ নাই বুলি অভিযোগ স্থানীয় ৰাইজৰ।

Related Articles

Leave a Reply

Close