অসম

নামৰূপত মুঁখা শিল্প কৰ্মশালা আৰম্ভ

প্ৰথম খবৰ, নামৰূপ: নামৰূপ সাৰ নগৰী বৰনামঘৰৰ ৰংগমঞ্চত আজি পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে মুঁখা শিল্প কৰ্মশালা খনি আৰম্ভ হয়। কৰ্মশালাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নামৰূপৰ আতৈ ভগীৰাম বৰাই। নামঘৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰুৱাই সঞ্চালনাত উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে গিৰীণ মহন্তই। পুৱা ৯-৩০ বজাত আৰম্ভ হোৱা উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা মাজুলী চামগুৰি সত্ৰ প্ৰদীপ গোস্বামী য়ে মুঁখা শিল্পৰ ইতিহাস সম্পৰ্কে বক্তব্য আগবঢ়াই। কৰ্মশালাত সহকাৰী হিচাপে উপস্থিত থাকে ধীৰেন গোস্বামী, গৌতম ভূঞা আৰু অংকুৰ বৰুৱা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close