অসম

নাহৰকটীয়াৰ জয়পুৰত পিষ্টলসহ এজন আটক

প্ৰথম খবৰ,নাহৰকটীয়া: নাহৰকটীয়াৰ জয়পুৰত সেনা আৰক্ষীৰ অভিযান। পিষ্টল ড্ৰাগছসহ আটক এজন যুৱক। আটকাধীন যুৱকজনৰ নাম হীৰক জ্যোতি খাকলাৰী ওৰফে বিলাই বুলি জানিব পৰা গৈছে। যুৱক জনৰ পৰা আৰক্ষীয়ে এটা ৰিভলভাৰ,৩ জাই সক্ৰিয় গুলী,লক্ষাধীক টকাৰ ড্ৰাগছ, ড্ৰাগছ সেৱন কৰাত ব্যৱহৃত বিভিন্ন সামগ্ৰী তথা নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।এক গোপন সূত্ৰৰ পম খেদি জয়পুৰৰ অসমীয়া গাওঁৰ পৰা শুক্ৰবাৰে বিয়লি সেনা আৰু আৰক্ষীয়ে আটক কৰে বিলাইক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিলাই নামৰ এই যুৱকজনে তিনিচুকীয়াৰ পৰা জয়পুৰ অৰুনাচল আদি অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।যুৱকজনৰ স্বীকাৰোক্তি ভিত্তিত জয়পুৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে শীঘ্ৰে ৰৌ বৰালি জালত পৰা সম্ভাৱনা আছে

Related Articles

Leave a Reply

Close