অসম

“নাৰী শক্তি”ৰ উদ্যোগত লক্ষীমপুৰৰ বানাক্ৰান্তলৈ সাহাৰ্য সামগ্ৰী প্ৰেৰণ

প্ৰথম খবৰ, চতিয়া: চতিয়াৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন “নাৰী শক্তি”য়ে আজি ৰঙানদীৰ বানত বিধ্বস্ত লক্ষীমপুৰৰ ৰাইজলৈ বুলি কিছু সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰিছে। চতিয়াৰ পৰা লক্ষীমপুৰ অভিমুখী অসম ৰাজ্যিক পৰিৱহণ নিগমৰ অধীনৰ এখন বাছত বিস্কুট, চিৰা, চেনী, গাখীৰৰ পেকেট আদিৰ লগতে শিশুৰ কাপোৰ , শাড়ী, চাদৰ, চুইদাৰ আদি প্ৰেৰণ কৰিছে। এই সাহাৰ্য সামগ্ৰীসমূহ সমাজৰ স্বাৰ্থত ওলাই অহা এক মঞ্চ “তেজস্বিনী”ৰ লক্ষীমপুৰৰ সদস্যসকলে সংগ্ৰহ কৰি বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিব।

 

Related Articles

Leave a Reply

Close