অসম

চতিয়াত নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ যুৱতী

প্ৰথম খবৰ, চতিয়া: চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ইটাখোলা আৰক্ষীৰ সফলতা।  দিল্লীলৈ সৰবৰাহ কৰিবলৈ ধৰোতেই নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ আন চাৰি গৰকী কিশোৰী। মুঠ পাঁচ গৰাকী উদ্ধাৰ কৰিলে আৰক্ষীয়ে। নিশা ইটাখোলা আৰক্ষী চকিৰ অন্তৰ্গত জয়সিদ্ধিত ৰাইজে আটক কৰে গোলাঘাটৰ যুৱক প্ৰেম মুন্দা আৰু মৰিসূতিৰ লক্ষ্মী গোৱালা নামৰ মহিলাক। ৰাইজে তেওঁলোকৰ পৰাই কালি উদ্ধাৰ কৰিছিল দিল্লীলৈ নিবলৈ চেষ্টা কৰা এগৰাকী স্থানীয় যুৱতীক। ৰাইজে বুধবাৰে আটক কৰা নাৰী সৰবৰাহকাৰীক ইটাখোলা আৰক্ষীক গটাই দিয়ে। ইটাখোলা আৰক্ষীয়ে ৰাইজে উদ্ধাৰ কৰা যুৱতীৰ সহায়ত আজি সন্ধিয়া দিল্লী লৈ বুলি নিবলৈ সাজু কৰি ৰখা আন চাৰি গৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান মুঠ ৫ গৰাকীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close