অসমশীৰ্ষ

নাৰ্ছক পৰিকল্পিত হত্যা! ৰাইজে ভাঙিলে হত্যাকাৰীৰ ঘৰ

প্ৰথম খবৰ, মংগলদৈ: দৰং জিলাৰ খাৰুপেটীয়াত জুৰিয়ানা বেগম নামৰ এগৰাকী জি এন এম নাৰ্চৰ সন্দেহজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।নিহত জুৰিয়ানাৰ ঘৰ দৰং জিলাৰ ছিপাঝাৰৰ বেহপাৰা গাঁৱত। চাকৰি সূত্ৰে দৰঙৰ খাৰুপেটীয়াত এটি ভাড়াঘৰত থাকি আজি দুবছৰৰে পৰাই শ্যামপুৰ স্বাস্থ্য কেন্দ্ৰত জি এন এম হিচাপে কৰ্মৰত হৈ আছিল তেওঁ। আজি হঠাৎ যুৱতীগৰাকী ভাড়াঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

ছিপাঝাৰ অঞ্চলৰে যুৱক হবিবুৰ ৰহমান নামৰ যুৱক জনে জুৰিয়ানাক পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি একাংশ ৰাইজে অভিযোগ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত দৰং আৰক্ষীয়ে হবিবুৰক গ্ৰেপ্তাৰ কৰিৱলৈ সক্ষম হয়।জুৰিয়নাৰ গাত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ প্ৰতি লক্ষ্য কৰি আৰু চিপ লোৱা ঠাইত থকা চকীখনত থকা ভৰিৰ দৃশ্যই এইটো পৰিকল্পিত হত্যা বুলি প্ৰত্যেক্ষদৰ্শীসকলে সন্দেহ কৰিছে।হত্যাকাণ্ডৰ সঠিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোৱা যাব।

ইফালে জুৰিয়ানা বেগমৰ হত্যাৰ অভিযুক্ত ব্যাসপাৰাৰ হবিবৰ ৰহমানৰ ঘৰ আজি ভস্মীভূত কৰিলে একাংশ উত্তেজিত জনতাই।

Related Articles

Leave a Reply

Close