অসম
নিজ ঘৰৰ ওচৰত থকা পুখুৰীত পৰি শিশুৰ শোকাৱহ মৃত্যু

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা ৰজহ চক্ৰৰ চনেত্তাৰী গাঁৱৰ লতিফ আলীৰ দুবছৰীয়া কন্যা চুৰিয়া বেগমৰ নিজ ঘৰৰ কাষতে থকা পুখুৰীত পৰি মৃত্যু হয়। পিতৃ লতিফ আলীয়ে গা ধুবলৈ গৈ প্ৰত্যক্ষ কৰে কন্যাৰ মৃতদেহ। কন্যাগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।