যুৱশীৰ্ষ

নিশা অনলাইন থকা যুৱতীক অশ্লীল মেছেজ কিয়? ছেক্স চাটৰ বেমাৰ কাৰ?

শিলাদিত্য বৰ্মন

যুৱতী বা বোৱাৰীয়ে হওঁক৷  নিশা হ’লেই আৰম্ভ হৈ যায় অনলাইন চিকাৰীৰ সন্ধানী দৃষ্টি৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এনে অনলাইন চিকাৰীৰ মনোভাৱ- নিশা বাৰ বজালৈ অনলাইন থকা যুৱতী মহিলা মানেই এবাৰ টুকুৰিয়াই চাব পাৰি৷ প্ৰথমে হাই, হেল্ল’, তাৰপিছত ডাইৰেক্ট তুমি সম্বোধন৷ “তোমাক আজি ধুনীয়া লাগিছে৷” প্ৰশংসা কৰিব গৈ প্ৰফাইল পিকচাৰখন বৰ ধুনীয়া৷ যদি ছোৱালীৰ পৰা থেংক ইউ মেছেজ আহিল, তেতিয়া পৰৱৰ্তী মেছেজ- “ইউ আৰ লুকিং ছেক্সী টুডে৷”। ক’ৰ পৰা বা দেখে ছেক্সী?

কথা নাই বতৰা নাই। নিশা বাৰ অনলাইন থকা বাবে এনে অনলাইন চিকাৰীবোৰে নাৰীসকলক ছেক্সী দেখে নেকি বাৰু? কেতিয়াবা বায়েকৰ বয়সৰ, মাকৰ বয়সৰ যুৱতী মহিলাকো পেন্দুকণা একোটাই ছেক্সী কৈ দিলে সেই যুৱতী মহিলাগৰাকীৰ অৱস্থা কি হয় বাৰু? ছেক্সী বুলি কোৱাৰ পিছত কোনো যুৱতী-মহিলাই যদি থেংক ইউ বা স্মাইলী দিয়ে, তেনেহ’লে চিকাৰীৰ সাহস দুগুণে বাঢ়ি যায়৷ তাৰপিছত ঘৰৰ সকলো শুলে নে? কেইটা বজালৈ আছা?

শেহতীয়া এক সমীক্ষা মতে, এনে অনলাইন চিকাৰীয়ে দ্বিতীয় বা তৃতীয় বাক্যটোৰ পৰাই নিজৰ অভিপ্ৰায়ৰ ইংগিত দিবলৈ আৰম্ভ কৰে৷ আৰু সুবিধা পালেই অফাৰ দিয়ে ছেক্স চাটৰ৷ এই সমীক্ষাটোৰ মতে, ষোল্লৰ পৰা পছপন্ন বছৰ বয়সীয়া পুৰুষ বা যুৱক যুৱতী-মহিলাৰ সৈতে এনে অশ্লীল বাৰ্তালাপৰ প্ৰতি আগ্ৰহী৷ প্ৰায় সাতত্ৰিশ শতাংশ পুৰুষৰ এনে অভিপ্ৰায় বা ইচ্ছা থকাৰ কথা পোহৰলৈ আহিছে সমীক্ষাটোত৷ কিন্তু অধিকাংশ নাৰী বা যুৱতীয়ে এনে ঘটনা লাজত বা ভয়ত কাকো নোকোৱাকৈ থাকে৷

নিশা অনলাইন থকা যুৱতী-মহিলাসকলৰ বেছিভাগেই অতিকমেও এটা হ’লেও এনে সমস্যাৰ সন্মুখীন হৈছে৷ বহুক্ষেত্ৰত দিনৰ ভাগত নম্ৰ বা ভদ্ৰ লোকৰ একাংশইও নিশা হ’লেই আচল চৰিত্ৰ দেখুৱায় যুৱতী-মহিলাক৷ এনে ঘটনাৰ বাবেই সোমবাৰে ৰঙাঘৰত সোমাল এজন অনলাইন চিকাৰী৷ ডিব্ৰুগড়ৰ এইজন লোকে এগৰাকী যুৱতীক প্ৰথমে যুৱতীক অশ্লীল বাৰ্তা দি ছয়মাইলৰ এখন হোটেলত যুৱতীক আমন্ত্ৰণ জনায়৷ যুৱতীগৰাকীয়ে এটা সংগঠনৰ সহযোগত আটক কৰি বপুৰাক চমজাই দিয়ে দিছপুৰ আৰক্ষীক৷

মনোবিজ্ঞানৰ ভাষাত নাৰীৰ প্ৰতি পুৰুষৰ আকৰ্ষণ স্বাভাৱিক কথা যদিও অচিনাকি মহিলা-যুৱতীক অশ্লীল প্ৰস্তাৱ দিয়াৰ প্ৰৱণতা এক মানসিক ৰোগৰ উপসৰ্গ বা মানসিক ৰোগ৷ চাইবাৰ ছেক্স এডিকশ্যন হিচাপে চৰ্চিত এই মানসিক অৱস্থাক এতিয়াও মানসিক যৌন ৰোগ ডিএছএম-ফাইভৰ অন্তৰ্ভূক্ত কৰা নাই৷

 

কিন্তু এয়াও একপ্ৰকাৰ মানসিক অৱস্থা যাক সামান্য অৱস্থালৈ লৈ আনিব পৰা যায়৷ চাইবাৰ ছেক্সৰ অধিক আকৰ্ষণ ৰোধৰ বাবে বহুক্ষেত্ৰত নিজেও যত্নবান হ’ব পাৰি৷ অনবৰত অনলাইন থকা, আত্মসন্মান কমি অহা, বাস্তৱ যৌন জীৱনৰ প্ৰতি ভয় আদিয়ে অনলাইন ছেক্সৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে৷

কেনেকৈ নিজকে সংযমী কৰিব?

ক) ইণ্টাৰনেটত কম সময় খৰচ, প্ৰয়োজনীয় কামত অনলাইন নহৈ ই-মেইলৰ ব্যৱহাৰ৷
খ) অভিভাৱকে পৰ্ণ বা অনলাইন চাটিং ৱেবছাইট ব্লক কৰিব পাৰে সন্তানৰ বাবে৷
গ) পৰিয়াল বন্ধু বৰ্গৰ সৈতে অধিক সময় অতিবাহিত কৰা৷ অন্য মনোৰঞ্জনধৰ্মী কামত বেছি সময় দিয়া৷

নিজে কেনেকৈ অনলাইন ছেক্স আসক্ত বুলি গম পাব?

ক) যেতিয়া বেছি সময় অনলাইন ছেক্সৰ কথা মনলৈ আহিব৷
খ) যেতিয়া অনলাইন বিপৰীত লিংগৰ সৈতে কথা পতাৰ সুযোগ নাপালে অধৈৰ্য হৈ পৰিব৷
গ) অনলাইন অচিনাকি নাৰীক যেতি‍য়া অনলাইন হাই, হেল্ল’ কোৱাৰ প্ৰৱণতা বাঢ়িব৷
ঘ) অনলাইন ছেক্সৰ বাবেই যেতিয়া ইণ্টাৰনেট অধিক ডাটা ব্যৱহাৰ কৰিব৷
ঙ) নিসংগ হ’লেই যেতিয়া অনলাইন অচিনাকি যুৱতী-নাৰীৰ সৈতে কথা পতাৰ সুতীব্ৰ ইচ্ছা হ’ব৷
চ) অনলাইন থকা সময়ত যেতিয়া ছেক্স চাটৰ বাবে অপৰাধ প্ৰৱণ হৈ পৰিব মন৷
ওপৰত উল্লেখিত এটা বা দুটাও আপোনাৰ সৈতে হৈছে তেনেহ’লে আপুনি অনলাইন বা চাইবাৰ ছেক্স আসক্ত হৈছে, যিটো মানসিক ৰোগৰ আৰম্ভণি৷

নাৰীয়ে কেনেকৈ হাত সাৰিব?

ক) অচিনাকি পুৰুষৰ সৈতে কথা নাপাতিব৷ পাতিলেও দেৰি দেৰিকৈ উত্তৰ দিব৷
খ) মেছেচ নোচোৱাৰ ভাও ধৰিব৷ অফলাইন থকাৰ দৰে অভিনয় কৰিব৷
গ) কিবা সৰু ইংগিত পালেও থেংক ইউ কৈ মেচেজ দিয়াজনক অফলাইন কৰি দিব৷
ঘ) প্ৰায়ে বিৰক্ত কৰাজনক ব্লক কৰি দিব পাৰে, বা ৰিপ’ৰ্ট কৰক৷
ঙ) নিজৰ কামৰ বিষয়ে কওঁক, বিৰক্ত হোৱাকৈ ৰাজনীতি, অৰ্থনীতিৰ কথা কওঁক৷
অনলাইন অশ্লীল প্ৰস্তাৱ দিয়াসকলক এৰাই চলাৰ সৰ্বোত্তম উপায় হ’ল দেৰিকৈ উত্তৰ দিয়া৷ অনলাইন চিকাৰীসকলে দেৰিকৈ উত্তৰ পালে অধৈৰ্য হৈ পৰি বাদ দিয়ে মেচেজ দিয়াটো৷

(সম্পাদকীয় টোকা: পূৰ্বে পশ্চিমীয়া দেশত থকা এই সমস্যাই আমাৰ দৰে দেশতো ৰোগৰ ৰূপ লোৱাৰ পূৰ্বে সাৱধানতা আৰু সজাগতা সৃষ্টিৰ বাবে এই লেখাটো প্ৰকাশ কৰা হ’ল৷ পাঠকৰ মতামত আশা কৰিলোঁ৷)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close