অসম

পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ উদ্যোগত মিৰ্জাত ৯০০ গৰাকী কৃতি ছাত্ৰ- ছাত্ৰীক বিশেষ সম্বর্ধনা

প্ৰথম খবৰ, পলাশবাৰী: পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ উদ্যোগত পলাশবাৰী সমষ্টিৰ কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে আজি ৰবিবাৰে এক অভিন্দন অনুষ্ঠান অনুষ্ঠিত কৰে মিৰ্জা পি. ডব্লিউ. ডি. কাৰ্যালয় প্ৰাঙ্গণত। বিধায়ক প্ৰণৱ কলিতাই সঞ্চালনা কৰা এই অভিন্দন অনুষ্ঠানত ইং ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৯০০ গৰাকী কৃতি ছাত্র -ছাত্ৰীক মানপত্ৰ, ধনৰ টোপোলা আৰু গামোচাৰে সম্বর্ধনা জনোৱা হয়। এই অনুষ্ঠান উপস্থিত থাকে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনিল গোস্বামী, শিক্ষাবিদ ধনেশ্বৰ কলিতাকে ধৰি বহু গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close