অসম

পশ্চিম পাৰিয়াপাৰা বুঢ়ী পুখুৰী পৰিচালনা সমিতিৰ উদ্যোগত কৃতী ছাত্র-ছাত্রীৰ উদগনিমূলক অভিনন্দন সভা

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ পশ্চিম পাৰিয়াপাৰা বুঢ়ী পুখুৰী পৰিচালনা সমিতিৰ উদ্যোগত কৃতী ছাত্র-ছাত্রী সকলক উদগনিমূলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অভিনন্দন সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰেশ মল্ল ডেকাই সভাপতিত্বত কৰা সভাত উপস্থিত থাকে দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মনোজ কুমাৰ শৰ্মা, দেওমৰনৈ ৩০ খন বিচনাযুক্ত সামুহিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ কমলা কান্ত শৰ্মা লগতে ৰাতিপুৱা বন্তি প্রজ্বলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপন কাৰ্য্যসূচীৰে অনুষ্ঠানৰ সফল সামৰণি পৰে। অভিনন্দন অনুষ্ঠান ৮ গৰাকী কৃতী ছাত্র-ছাত্রীক অভিনন্দন জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক কণ্ঠিৰাম ডেকাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close