বিনোদনশীৰ্ষ

পুনৰ বলিউডত অসমৰ গীতিকাৰ ৰাজদ্বীপৰ চমক

‘এ ডেথ ইন দ্য গাঞ্জ’ৰ পাছত এইবাৰ ৰনবীৰ-কেটৰিণাৰ ছবি ‘জগ্গা জাছুছ’ত ৰাজদ্বীপৰ বিহুগীত

নিউজ ডেস্ক, প্ৰথম খবৰ: মায়ানগৰী বলিউডত পুনৰ চমক ৰাজদ্বীপৰ। কালি মুক্তি লাভ কৰা ৰনবীৰ কাপুৰ, কেটৰিণা কাইফ অভিনীত বলিউডৰ বহুচৰ্চিত ছবি ‘জগ্গা জাছুছ’ত এইবাৰ শুনা গ’ল এটা বিহু গীত-‘লাহে লাহে বাঢ়ি আহে, পিৰীতিৰে জুই’। গীতটোৰ ৰচনাৰ অসমত গীতিকাৰ-নাট্যকাৰ ৰাজদ্বীপৰ। অলপতে জনপ্ৰিয় অভিনেত্ৰী কংকনা সেন শৰ্মা পৰিচালিত ছবি ‘এ ডেথ ইন দ্য গাঞ্জ’ত এটা সম্পূৰ্ণ অসমীয়া গীত লিখি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাজদ্বীপে এইবাৰ প্ৰীতমৰ সংগীত পৰিচালনাত বিহুগীত লিখিলে বলিউডৰ বহু চৰ্চিত ছবি ‘জগ্গা জাছুছ’ত। ৰনবীৰ কাপুৰ, কেটৰিণা কাইফৰ দৰে তাৰকাই অভিনয় কৰা অনুৰাগ বসু পৰিচালিত ছবিখনৰ বাবে বিহুগীত লিখিছে অসনৰ সুসন্তান ৰাজদ্বীপে। কালি অৰ্থাৎ ১৪ জুলাইত সমগ্ৰ ভাৰতত মুক্তি লাভ কৰা এই ছবিখনত অতি সুন্দৰভাৱে অন্তভুক্ত কৰা হৈছে উক্ত বিহুগীতটি, যিটো গীতৰ নৃত্যাংশত অংশগ্ৰহণ কৰিছে জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কাইফে। ছবিখনৰ এই বিশেষ গীতটো ৰচনা কৰি অসমবাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে ৰাজদ্বপে। বলিউডৰ এনে এখন বিগ-বাজেটৰ ছবিত অসমৰ অনুপম সম্পদ বিহুগীত অন্তভুক্ত হোৱা বিষয়টোৱে নিঃসন্দেহে অসমৰ ৰাইজৰ বাবে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখ্য যে, ‘পখী পখী মন মোৰ’, ‘উকি মাৰি গুচি যায়’ আদিৰ দৰে বহু জনপ্ৰিয় গীত শ্ৰোতাক উপহাৰ দিয়া নৱপ্ৰজন্মৰ গীতিকাৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ সৰ্বকনিষ্ঠ নাট্যকাৰ হিচাপে চিহ্নিত ৰাজদ্বীপে অলপতে ‘এ ডেথ ইন দ্য গাঞ্জ’ নামৰ ছবিখনৰ জৰিয়তে মায়ানগৰী বলিউডত খোজ পেলাইছিল। প্ৰথমবাৰৰ বাবে বলিউডৰ ছবিত সম্পূৰ্ণ এটা অসমীয়া গীত লিখি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত নতুন অধ্যায়ৰ সংযোজন ঘটোৱা ৰাজদ্বীপে এইবাৰ ‘জগ্গা জাছুছ’ত লিখা বিহুগীতটোৱে সমগ্ৰ ভাৰততে চৰ্চা লাভ কৰিছে। আনহাতে এই গীতটোত কণ্ঠদান কৰিছে আন এগৰাকী অসমৰ শিল্পী নীড় দীপাংকৰে। ইতিমধ্যে বহু ছবি, এলবামত কণ্ঠদান কৰি জনপ্ৰিয়তা লাভ কৰা নীড় দীপাংকৰে অতি সুন্দৰভাৱে কণ্ঠদান কৰিছে গীতটোত। উল্লেখযোগ্য যে, ছবিখনৰ সংগীত পৰিচালনা বলিউডৰ শীৰ্ষস্থানীয় সংগীত পৰিচালক প্ৰীতমৰ। আনহাতে ছবিখনৰ সংগীতৰ সৈতে জড়িত হৈ আছে অসমৰ আন দুগৰাকী সুসন্তান ধ্ৰুৱজ্যোতি ফুকন আৰু অনুৰাগ শইকীয়া। কালি মুক্তি লাভ কৰা ছবিখনে দেশজুৰি চৰ্চা লাভ কৰাৰ লগে লগে ছবিখনৰ সংগীতেও ইতিমধ্যে সংগীতপ্ৰেমীৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। বলিউডৰ এই ছবিখনৰ বাবে গীত লিখা সুযোগ লাভ কৰা ৰাজদ্বীপে বিগত সময়ত এম টি ভিৰ বাবেও এটা অসমীয়া গীত ৰচনা কৰিছিল। ‘অতীতৰে চিঞৰবোৰে’ শীৰ্ষক উক্ত এম টি ভি ডিৱাৰিষ্টৰ গীতটোত আন এগৰাকী অসমৰ সন্তান পাপনে কণ্ঠদান কৰা বিপৰীতে গীতটোত সংগীত পৰিচালনা আছিল প্ৰখ্যাত ডি জে নিউক্লিয়াৰ। একেদৰে ‘ৰ’দ’, ‘ৰাগ’, ‘বহ্নিমান’, ‘দূৰ’, ‘দূৰণিৰ নিৰলা পঁজা’, ‘অহেতুক’, ‘লোকেল কুংফু-২’, ‘চিঞৰ’ আদি ছবিৰ বহু জনপ্ৰিয় গীত ৰচনা কৰাৰ বিপৰীতে তেওঁ অশোক কুমাৰ বিষয়াৰ শেহতীয়া ছবি ‘খেল দ্য গেম’ৰ কাহিনী-চিত্ৰনাট্যও ৰচনা কৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ সৰ্বকনিষ্ঠ নাট্যকাৰ হিচাপে চৰ্চা লাভ কৰা ৰাজদ্বীপে বিগত সময়ত ‘বলিয়া কৃষ্ণ’, ‘বনৰীয়া’। ‘ব্ৰেকিং নিউজ’ আদি নাটকেৰে দৰ্শকৰ সমাদৰ লাভ কৰিছে। সম্প্ৰতি কংকনা সেনশৰ্মাৰ ‘এ ডেথ ইন গাঞ্জ’ ৰ পাছত অনুৰাগ বসুৰ ‘জগ্গা জাছুছ’ৰ দৰে বলিউডৰ ছবিত কাম কৰাৰ সৌভাগ্যও অৰ্জন কৰিলে অসমৰ গীতিকাৰ তথা নাট্যকাৰগৰাকীয়ে। অনুৰাগ শইকীয়াৰ তত্বাৱধানত নীড় দীপাংকৰে কণ্ঠদান কৰা ৰাজদ্বীপৰ এই বিহুগীতটোৰ জৰিয়তে বলিউডত উজ্বলিল অসমৰ এক অনুপম সম্পদ।

Related Articles

Leave a Reply

Close