অসম

পুৰণিগুদামত এখন ব্যতিক্ৰমী বিয়া: হাতীৰ পিঠিত উঠি দৰা গ’ল কইনাঘৰলৈ

প্ৰথম খবৰ,বঢ়মপুৰ: নগাওঁ জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ এখন ব্যতিক্ৰমী বিয়া ৷ এই বিৱাহখনক লৈ পুৰণিগুদামৰ কাষৰি বাহৰপতা গাৱঁত উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয় ৷ অসম আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত তপন বৰা নামৰ যুৱকজনৰ বিৱাহখন সকলোৰে আৰ্কষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে ৷ কাৰণ পূৰ্বৰে পৰা সজাই ৰখা এটা হাতীৰ পিঠিত উঠি দৰা গ’ল পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি পতিয়াবালিস্থিত কন্যা ঘৰলৈ ৷ বহুলোকে হাতীৰ পিঠিত উঠি যোৱা দৰা চাবলৈ ভিৰ কৰিলে ৷ তাৰোপৰি পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটোদি অহা দুৰণিবটীয়া যাত্ৰী সকলেও গাড়ী ৰখাই হাতীৰ পিঠিত উঠি যোৱা দৰা চালে আৰু আৰ্শীবাদো দি গল ৷ নিদিষ্ট সময় অতিক্ৰম কৰি দৰা গৈ পালেগৈ কন্যা ঘৰৰ বিবাহ মণ্ডপ ৷ দৰাক হাতীৰ পিঠিত উঠি যোৱা দেখি কন্যাঘৰীয়া সকলো হল উৎফুল্লিত ৷ সেই সময়ত কন্যা অনতু বৰুৱা ওৰফে বেবী আছিল সাজি কাচি দৰাৰ অপেক্ষাত তেনেতে দৰা হাতীৰ পিঠিত উঠি অহা খবৰ পাই কন্যায়ো হৈ পৰিল আনন্দত আত্মহাৰা ৷ উল্লেখ্য যে এগৰাকী আৰক্ষী কনিষ্টবল হৈও তপন বৰায়ে পৰম্পৰা ৰক্ষাৰ বাবে চলোৱা প্ৰচেষ্টাক এতিয়া পুৰণিগুদামবাসীয়ে আদৰণি জনাইছে ৷

Related Articles

Leave a Reply

Close