অসম

পুৰণিগুদামত কিশোৰী নিৰুদ্দেশ

প্ৰথম খবৰ, পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ পোতনি হালোৱা গাঁৱত এগৰাকী কিশোৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ২৬ জুলাইত পুৰণিগুদামলৈ বুলি আহি আজি পৰ্যন্ত সন্ধানহীন হৈ আছে ১৭ বছৰীয়া কিশোৰীগৰাকী।

পৰিয়ালৰ লোকে ফাইজুল হক নামৰ এজন যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পুৰণিগুদাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষী বিষয়াগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীৰ এনে নিষ্ক্ৰিয়তাৰ বিষয়ে পৰিয়ালৰলোকে সাংবাদিকক জনোৱা বুলি জানিব পাৰি কালিৰে পৰা ততাতৈয়াকৈ পুৰণিগুদাম আৰক্ষী চকীৰ এটা দলে তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত কিশোৰীগৰাকী সন্ধানহীন হৈ পৰা ঘটনাৰ আঁৰত প্ৰেমজনিত সম্পৰ্কৰ প্ৰভাৱ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও পৰিয়ালৰ লোকসকলে সেয়া মানি ল’ব খোজা নাই৷ অৱশ্যে আৰক্ষীৰ সঠিক তদন্তহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব৷

Related Articles

Leave a Reply

Close