অসম

পুৰণিগুদাম কলং কলা কেন্দ্ৰত মুখা নিৰ্মাণ প্ৰশিক্ষণৰ আয়োজন

প্ৰথম খবৰ,পুৰণিগুদাম: অসমৰ লোককলাৰ বাবে বিগত সোতৰ বছৰ ধৰি অতি নিষ্ঠাৰে সেৱা আগবঢ়াই অহা নগাঁও জিলাৰ পুৰণিগুদাম “কলং কলা কেন্দ্ৰ”ই সংগীত নাটক একাডেমীৰ সহযোগত অহা ১৬ জুলাইৰ পৰা এটি দহদিনীয়া পৰম্পৰাগত মুখা নিৰ্মাণ প্ৰশিক্ষনৰ আয়োজন কৰিছে৷পুৰণিগুদাম কলং সংগ্ৰহালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগা মুখা প্ৰশিক্ষণ প্ৰতিদিনে পুৱা দহ বজাৰ পৰা বিয়লি তিনি বজালৈ অনুষ্ঠিত হ’ব৷বিনামূলীয়া এই মুখা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব বিচৰা প্ৰশিক্ষাৰ্থীসকলক আবেদন পত্ৰ সংগ্ৰহ কৰি ১৫ জুলাইৰ আগতে নাম পঞ্জীয়ন কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ৷ যোগাযোগৰ ঠিকনা-“কলং কলা কেন্দ্ৰ”, পুৰণিগুদাম, আলিছিগা, নগাঁও, ফোন-7576852311

Related Articles

Leave a Reply

Close