অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱ : টিয়কৰ বৃদ্ধ দম্পতীলৈ সহায়ৰ হাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ


প্ৰথম খবৰ,জাঁজী: যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ চিন্তামনিগড়ৰ নিস্ব: বৃদ্ধ মহেন্দ্ৰ তামুলী আৰু শুৱলা তামুলী দম্পতীয়ে লাভ কৰিলে মানৱীয় সাহায্য। এই বৃদ্ধ দম্পতীৰ দুৰ্দশাৰ বাতৰি পোন প্ৰথমে প্ৰকাশ কৰিছিল “প্ৰথম খবৰ”ত। যোৱা ৩০ জুনৰ বিয়লি এই সম্পৰ্কীয় এক বাতৰি “প্ৰথম খবৰ” যোগে প্ৰচাৰিত হোৱাৰ পাছত দৰিদ্ৰ বৃদ্ধ তামুলী দম্পতীক সহায় কৰিবলৈ আগবাঢ়ি আহে টীয়কৰ সৌৰভ ফাৰ্ণিচাৰ এণ্ড হোম ডেকৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী গীতা দত্ত গগৈয়ে যোৱা ৪ জুলাইত এগৰাকী চিকিৎসকৰ দ্বাৰা শয্যাশায়ী বৃদ্ধা শুৱলা তামুলীক ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসাৰে বৃদ্ধা গৰাকীৰ বাবে ফিজিঅ’থেৰাপিৰ ব্যৱস্থা কৰে স্বত্বাধিকাৰীগৰাকীয়ে ৷ আনহাতে ব্যৱসায়িক প্ৰতিষ্ঠানখনে বৃদ্ধ দম্পতীৰ বাবে বস্ত্র আৰু আন কেতবোৰ প্ৰয়োজনীয় সমগ্ৰীও আগবঢ়ায়। ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এনে মানৱীয়তাৰ বিপৰীতে আওকনীয়া মনোভাৱ প্ৰদৰ্শণ কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়িকা ৰেনুপমা ৰাজখোৱাই। স্থানীয় ৰাইজে বৃদ্ধ দম্পতীলৈ সহায়ৰ হাত আগবঢ়োৱা গীতা দত্ত গগৈৰ লগতে সামাজিক দায়বদ্ধতা পালন কৰা “প্ৰথম খবৰ”ক ভূয়সী প্ৰশংসা কৰিছে ৷

Related Articles

Leave a Reply

Close