অসম

পৰকীয়া প্ৰেমত মগ্ন শিক্ষক

প্ৰথম খবৰ, কাকপথাৰ: এগৰাকী মহিলাক লগত অসংযত অৱস্থাত ৰাইজে হাতে লুটে ধৰাৰ পিছত বৰ্তমান পলাতক প্ৰধান শিক্ষক৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ডুমচী লিটং প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক ডিকম মৰাণে একে গাঁৱৰে মহিলা সংগিতা মৰাণৰ লগত অসংযত অৱস্থাত ৰাইজে হাতে লুটে ধৰাত কাকপথাৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। দুগৰাকী কন্যা সন্তানৰ পিতৃ প্ৰধান শিক্ষকগৰাকীয়ে এনে অবৈধ কামত লিপ্ত হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সকলোৱে একে মুখে নিন্দা কৰাৰ লগতে তেখেতক শিক্ষকৰ দৰে প্ৰবিত্ৰ বৃত্তিটোৰ পৰা আঁতৰাই অনতিপলমে তেখেতৰ ঠাইত বেলেগ এগৰাকী সৎ শিক্ষকক নিযুক্তি কৰাৰ দাবী জনাইছে৷ ঘটনাতো হোৱা দিনৰে পৰা বৰ্তমান পৰ্যন্ত গাঁৱৰ পৰা আঁতৰি থকাৰ লগতে পাঠদান নকৰাৰো গুৰুতৰ অভিযোগ উঠিছে শিক্ষকগৰাকীৰ বিৰুদ্ধে৷

 

Related Articles

Leave a Reply

Close