আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ফেচবুকে কিয় প্ৰত্যাখান কৰিলে পাকিস্তানৰ অনুৰোধ

নিউজ ডেস্ক, প্ৰথম খবৰ: পাকিস্তানত ফেচবুক অপব্যৱহাৰৰ বহু গোচৰ আদালতত বিচৰাধীন৷ কিন্তু পাকিস্তানত ফেচবুক চলাবলৈ হ’লে ফেচবুক একাউণ্টৰ সৈতে ব্যৱহাৰকাৰীৰ ম’বাইল নম্বৰ সংযুক্ত কৰাৰ প্ৰস্তাৱ আছিল পাকিস্তান চৰকাৰৰ৷ পাকিস্তানৰ এই অনুৰোধ প্ৰত্যাখান কৰিছে ফেচবুকে৷

ফেচবুকৰ ম়তে, ” নতুন ফেচবুক একাউণ্ট খোলাৰ ক্ষেত্ৰত ইউজাৰৰ ম’বাইল নম্বৰ সংযুক্ত কৰাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে ফেচবুকে৷” ফেচবুকৰ মুখপাত্ৰ ক্ৰীষ্টিয়ান চেনে লগতে উল্লেখ কৰে ফেচবুক একাউণ্ট খোলাৰ পূৰ্বৰ নীতিয়ে বাহাল থাকিব৷ অৱশ্যে ফেচবুকত ভুৱা একাউণ্ট ৰোধ কৰাৰ বাবেই এনে অনুৰোধ জনোৱা বুলি সদৰী কৰিছে পাকিস্তানে ৷

বিগত সপ্তাহত ফেচবুকৰ ভাইচ প্ৰেছিডেণ্ট জোৱেল কাপলানে পাকিস্তাম ভ্ৰমণ কৰি দেশখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল৷ ইপিনে, পাকিস্তান চৰকাৰৰ অনুৰোধ গুৰুত্বসহকাৰে গ্ৰহণ কৰা বুলিও স্পষ্ট কৰি দিয়া হৈছে ফেচবুকৰ ফালৰ৷ সম্প্ৰতি পাকিস্তানত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা তিনি কোটি ত্ৰিশ লাখ৷

Related Articles

Leave a Reply

Close