অসম

ফেনে ফুটুকাৰে বাঢ়িছে কুমতীয়া: উজনিত দিহিৰী অঞ্চল প্লাৱিত

প্ৰথম খবৰ, গোগামুখ: গুৱাহাটী মহানগৰৰ তুলনাত এইবাৰ ধেমাজি জিলাৰ বান পৰিস্থিতি স্বাভাৱিক যদিও বিগত কেইদিন ধৰি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত জিলাখনৰ নৈ সমূহ ওফন্দি উঠিছে ৷ জিলাখনৰ গাই, কুমতীয়া, ন-নৈ আদিৰ বক্ষ যোৱা ৰাতিৰ পৰা অস্বাভাৱীক ভাৱে বৃদ্ধি পাইছে ৷ বিশেষকৈ চমৰাজানৰ কাষৰীয়া কুমতীয়া দলঙত নৈখনে প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে৷ যাৰ ফলত দশক দশক ধৰি নিৰ্মাণ নকৰা ১৫ নং ৰাষ্ট্ৰীয় পথৰ কুমতীয়া অংশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ ইপিনে নৈখনৰ ওফন্দি উঠা পানীয়ে উজনীত দিহিৰি অঞ্চলৰ কেইবাখনো গাঁও জলমগ্ন কৰিছে ৷ নামনিত কুমতীয়া নৈৰ পশ্চিম পাৰৰ মথাউৰীৰ বৰদলনিৰ কলিতা গাঁও অংশত প্ৰচণ্ড চাপৰ সৃষ্টি কৰাৰ ফলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ বাতৰি লিখাৰ পৰলৈকে ধেমাজি জিলা প্ৰশাসনৰ কোনো লোক পৰিস্থিতিৰ বুজ ল’বলৈ অহা নাই ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close