অসম

ফেনে ফোটোকাৰে বাঢ়িছে ননৈ নৈ, পুৰণিগুদামৰ অধিকাংশ বানৰ কবলত

প্ৰথম খবৰ, বঢ়মপুৰ: সমগ্ৰ ৰাজ্য প্ৰলয়ংকাৰী বানৰ কবলত পৰা সময়তে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ননৈ নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাত পুৰণিগুদামৰ ন ন অঞ্চল বানৰ কবলত পৰিছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ননৈ নদীৰ পানী ফেনে ফোটোকাৰে বাঢ়ি অহাত সম্প্ৰতি পুৰণিগুদামৰ কেইবাখনো গাঁও পানীত ডুৱ গৈছে। বাঢ়নী পানীৰ ফলত ৰামটিলা আটি, হাতী বন্ধা, চামচকী আৰু ভৰাগুৰিকে ধৰি বহুকেইখন গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ লগতে পুৰণিগুদাম, বঢ়মপুৰৰ বিভিন্ন কৃষি ভূমি অঞ্চল বানৰ কবলত পৰিছে যদিও বৰ্তমান পৰ্যন্ত প্ৰশাসনৰ ফালৰ পৰা বান আক্ৰান্ত লোক সকলে কোনো সা-সুবিধা লাভ কৰা নাই। আনহাতেদি বাঢ়নী পানীৰ ফলত বহুতো জীৱ-জন্তৰো ক্ষতিসাধন হোৱা বাতৰি পোৱা গৈছে । ই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠন গ্ৰীণ গাৰ্ড প্ৰকৃতি সংগঠনৰ বিনোদ দুলু বৰাই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে বান আক্ৰান্ত অঞ্চল সমূহত কোনো জীৱ-জন্তৰ ক্ষয়-ক্ষতি হলে অতিশীঘ্ৰেই বন বিভাগৰ লগতে গ্ৰীণ গ্ৰাৰ্ড প্ৰকৃতি সংগঠনক অৱগত কৰিবলৈ ৰাইজক আহবান জনায়। আনহাতেদি চামগুৰি ৰাজহ চক্ৰ বিষয়াগৰাকীৰ পৰা বান আক্ৰান্ত লোকসকলৰ সাহায্য প্ৰদান সন্দৰ্ভত জানিব বিচৰাত বিষয়াগৰাকীয়ে বান আক্ৰান্ত অঞ্চল সমূহৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰি নগাঁৱৰ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ হাতত অৰ্পণ কৰা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে অতিশীঘ্ৰেই বান আক্ৰান্ত লোকসকলে সাহায্য লাভ কৰিব বুলিও তেওঁ সংবাদ মাধ্যমক জনায়। উল্লেখ্য যে, এনেদৰে যদি ননৈ নৈৰ পানী বাঢ়ি থাকে তেন্তে পুৰণিগুদামৰ ন ন অঞ্চল বানৰ কৱলত পৰাটো প্ৰায় নিশ্চিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close