অসম

বকোত সাহিত্য সভাৰ আকাশ

প্ৰথম খবৰ, বকো: অসম সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে বকো সাহিত্য সভাৰ উদ্যোগত আদি বকোত অনুষ্ঠিত হয় আকাশ শীৰ্ষক মহিলা সন্মিলনী। বকো কলেজ অব্ এজুকেচনৰ চৌহদত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ ১৮খন জিলাৰ মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

পুৱা পতাকা উত্তোলন কৰাৰ পিছতে মহিলাসকলৰ মাজত এক অন্তৰংগ আলোচনা অনুষ্ঠিত কৰা হয়। মহিলাসকলৰ মাজত থকা সুপ্ত প্ৰতিভাক আকাশৰ মাজেদি উলিয়াই অনা আৰু বিকাশ কৰাই অসম সাহিত্য সভাৰ  এই বিশেষ আয়োজনৰ উদ্দেশ্য।

মহিলাসকলে নাচ-গান-কবিতাৰে আকাশৰ মঞ্চ মুখৰিত কৰি তোলে। ইয়াৰ সৈতে সংগতি ৰাখি এখনি মুকলি সভাও অনুষ্ঠিত কৰা হয়। সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, প্ৰধান সম্পাদক ডঃ পৰমানন্দ ৰাজবংশীৰ লগতে বহু শিল্পী-সাহিত্যিক।

Related Articles

Leave a Reply

Close