কবিতাসাহিত্য

বন্ধুত্ব নে ৰেচন কাৰ্ড

আশাস্মীতা দাস

সুলভ মূল্যত পোৱা সহজলভ্য আছিল মোৰ বন্ধুত্ব!
ৰেচন কাৰ্ড লগা নাছিল মোৰ মৰম নিবলে’
আছিল প্ৰয়োজন অলপ বিশ্বাসৰ।

কিন্তু এৰা! আজিকালি সুলভ মূল্যত পোৱা বস্তুৰ আদৰ নাই!
ব্ৰেণ্ডৰ জামানাত উটি ভাহি যোৱা হৃদয়ে বিচাৰে
এতিয়া ফেশ্চনেবল ফ্ৰেইণ্ডশ্বিপ…

বিচাৰে এতিয়া পশ্চিমীয়া সংস্কৃতিৰ
ডিজে নাইটৰ উত্তাল সংগীতত
ডুব যাব খোজা একোটা মাতাল সন্ধিয়া!!

Related Articles

Leave a Reply

Close