অসমবিনোদনশীৰ্ষ

বলিউডত জিলিকিল মঙ্গলদৈৰ নাতি ছোৱালী

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: শুভমুক্তিৰ আগতেই বলিউদত চৰ্চা লাভ কৰা Indu sarkar নামৰ ফ্লিমখনত এগৰাকী কনমানী ছোৱালীৰ অভিনয়ে অসমৰ নাম উজ্বালবলৈ সক্ষম হৈছে।বিষ্ময় বালিকা বুলি কলেও কণমানীজনীক ভুল কোৱা নহ’ব। ইখনৰ পিছত সিখনকৈ বলিউডৰ ছবিত কাম কৰিবলৈ সক্ষম হোৱা ৬ বছৰীয়া আদিবা হুছেইন মঙ্গলদৈৰ ২নং ৱাৰ্ডৰ চৈয়দা জাহান মহম্মদ হুছেইন আৰু মুম্বাইৰ চৈয়দ মহম্মদ হুছেইনৰ কন্যা। আদিবা বৰ্তমান US Otswal enghish academyৰ class lllৰ ছাত্ৰী । নিজ প্ৰতিভাৰ গুণৰ বলিউডত খোজ পেলাবলৈ সক্ষম হোৱা আদিবাই অতি কম সময়তে অভাৱনীয় সফলতা লাভ কৰে। শিশুশিল্পী আদিবাৰ প্ৰথম ছবি Airlift ত অক্ষয় কুমাৰৰ লগত কাম কৰাৰ পিছতেই এতিয়া এখনৰ পিছত এখনকৈ ছবিত অভিনয় কৰি আদিবাই বলিউডত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে বলিউড বিখ্যাত প্ৰযোজক সকলকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২৮ জুলাইত মুক্তি লাভ কৰিৱ আদিবাৰ অভিনিত আৰু মধুৰ ভাণ্ডাৰকাৰৰ ছবি indu sarkar ইয়াৰ ঠিক পিছতেই আগষ্টত আন এখন আদিবাৰ অভিনিত ছবি jhon adom ছবিখনেও মুক্তি লাভ কৰিব। ছবি দুখনক লৈ যথেষ্ট আশাবাদী কণমানী আদিবাৰ লগতে পিতৃ মাতৃ আৰু মঙ্গলদৈৰ আইতা ককাক।
গ্ৰীষ্মৰ বন্ধৰ সময়ত প্ৰত্যেক বছৰেই মঙ্গলদৈৰ ককা আইতাকৰ ঘৰলৈ আহে আদিবা। এইবাৰো কেইদিনমান মঙ্গলদৈত কটাবলৈ আহিছে। অসমক ভাল পোৱা অসমৰ সংস্কৃতিক ভাল পোৱা আদিবাৰ ইচ্ছা অসমীয়া চিনেমাত অভিনয় কৰা। বলিউডৰ প্ৰখ্যাত চুপাৰষ্টাৰ অমিতাভ বচ্চন¸ অক্ষয় কুমাৰ, আদিকে ধৰি বহুতো নামীদামী অভিনেতা-অভিনেত্ৰীৰ লগত অভিনয় কৰি মঙ্গলদৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মঙ্গলদৈ নাতি আদিবাই। আদিবাক লৈ সমগ্ৰ দৰংবাসী গৌৰৱান্বিত।

Related Articles

Leave a Reply

Close