অসমশীৰ্ষ

ব’ল বম উৎসৱৰ নামত বশিষ্ঠ গংগা সেৱা সমিতিৰ পৰ্বতসম দুৰ্নীতি : চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে সৰৱ বশিষ্ঠ দেৱালয় পৰিচালনা সমিতি

প্ৰথম খবৰ,বেলতলা: পৱিত্ৰ শাওনৰ মাহত ব’ল বম উৎসৱৰ অচিলা লৈ এতিয়া ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে বশিষ্ঠ গংগা সেৱা সমিতি । বছৰ বছৰ ধৰি ভক্তক ডাক ব’ম দিয়াৰ নামত সৰাধ কৰি আহিছে লাখ লাখ টকা । আজি এক সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে বশিষ্ঠাশ্ৰম পৰিচালনা সমিতিয়ে । দীৰ্ঘদীন ধৰি বশিষ্ঠ গংগা সেৱা সমিতিয়ে ব’ল বমৰ নামত ভক্তক ভিআইপি সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ১০০ৰ পৰা ৩০০ টকা পৰ্যন্ত লৈ ডাক ব’ম যোগান ধৰাৰ নামত সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ টকা । কিন্তু ৩০-৪০ বছৰ ধৰি সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ আজিকোপতি নাই কোনো ৰাজহুৱা হিচাপ । ইয়াৰোপৰি কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ লগত বশিষ্ঠ মন্দিৰক তুলনা কৰি চৰকাৰে কামাখ্যা মন্দিৰৰ নামত কোটি কোটি টকা খৰছ কৰাৰ বিপৰীতে বশিষ্ঠ মন্দিৰৰ ধর্মীয় অনুস্থানৰ নামত চৰকাৰে এটকাও নিদিয়াৰ বাবে এইবাৰ বলবম উৎসৱত ভক্তক সা-সুবিধা দিয়াৰ বিৰত থাকিব মন্দিৰ পৰিচালনা সমিতি । উল্লেখযোগ্য যে, গঙ্গা সেৱা সমিতিয়ে সমগ্ৰ ধন আত্মসাত কৰা ঘটনাত সম্পূৰ্ণ নীৰব দৰ্শক খোদ বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা মহানগৰ জিলাৰ উপায়ুক্ত এম. অংগমুথু । এনেবোৰ ধৰ্মীয় আবেগ-অনুভূতি জড়িত বিষয় সমূহৰ ওপৰত কেতিয়া চকু খোল খাব ৰাজ্য চৰকাৰ আৰু প্ৰশাসনিক বিষয়াৰ । মাঘী মেলা, শিৱৰাত্রী, ছট পূজাকে ধৰি বশিষ্ঠাশ্ৰমত অনুষ্টিত হৈ আহিছে বলবমৰ উৎসৱ । বিভিন্ন ধৰ্মীয় অনুষ্ঠানত সমবেত হয় হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজ । কিন্তু আজিলৈকে পৰ্যটনস্থলী তথা উপাসনাস্থলী বশিষ্ঠ মন্দিৰত চৰকাৰে এটাকাও সাহায্য প্ৰদান নকৰাকৈ থকা ঘটনাত আজি ক্ষুব্দ হৈ পৰে দেৱালয় খনৰ পৰিচালনা সমিতিৰ একাংশ । দেওবাৰৰ সংবাদমেল যোগে অতি শীঘ্ৰে ৰাজ্যৰ পৰ্যটন বিভাগ আৰু পুৰাতত্ব বিভাগক মন্দিৰটোৰ ওপৰত গুৰুত্ব প্ৰদানৰ দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close