অসম

বশিষ্ঠ প্ৰেছ ক্লাবৰ সাংবাদিক কৰ্মশালা

প্ৰথম খবৰ,বেলতলা: আজিৰে পৰা সাতদিনীয়াকৈ গুৱাহাটীৰ বেলতলাত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন সাংবাদিক কৰ্মশালা । সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী লোকৰ বাবে গুৱাহাটীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে প্ৰথমখনি গ্ৰীষ্মকালীন বিনামূলীয়া সাংবাদিকতাৰ কৰ্মশালা । আজিৰ কৰ্মশালাখনিৰ মুকলি অনুষ্ঠানত অংশগ্ৰহন কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে ধৰি ছপা আৰু বৈদ্যুতিক মাধ্যমৰ কেইবা গৰাকীও জ্যেষ্ঠ সাংবাদিকে ।সংবাদ মাধ্যমৰ সামাজিক দ্বায়বদ্ধতা বিষয়ৰ ওপৰত উপস্থিত প্ৰাৰ্থীসকলক উদ্দেশ্যি বাখ্যা আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে । অসম সংবাদ গোষ্ঠী আৰু নিবনুৱা বিষয়ত বাখ্যা আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই । অন্যহাতে প্ৰথমতো দিনত অনুষ্ঠিত হোৱা কৰ্মশালাত সাংবাদিকতাৰ ব্যৱহাৰৰ বিষয়ৰ ওপৰত পাঠদান কৰে জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই । আগ্ৰহী সকলৰ সৈতে বহুকেইগৰাকী সাংবাদিকে অন্তৰংগ অনুষ্ঠানত মত বিনিময় কৰে ।আজিৰ মুকলি অনুষ্ঠানত সমষ্টিৰ বিধায়ক গৰাকীয়েও অংশলৈ ৰাজনীতি ও সংবাদ মাধ্যমৰ ভুমিকাৰ ওপৰত আলোকপাত কৰে।উক্ত কৰ্মশালা খনিত আগন্তুক দিনত অভিজ্ঞ তথা জ্যেষ্ঠ সাংবাদিক, ৰেডিঅ’ জকি সকলে পাঠদান কৰিব বুলি জানিবলৈ দিয়ে ক্লাবৰ উদ্যোক্তাই । প্ৰথম দিনটোত ৩২ গৰাকী আগ্ৰহী প্ৰাৰ্থীয়ে অংশ লয় কৰ্মশালা খনিত ।

Related Articles

Leave a Reply

Close