অসম

বাংলাদেশলৈ অব্যাহত চোৰাং পশুধন চালান, ছাগলীয়া আৰক্ষীয়ে জব্দ কৰিলে ২৪ টা চোৰাং পশুধন

প্ৰথম খবৰ, গোলকগঞ্জঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশেষকৈ ধুবুৰী জিলাৰ নদী পথৰে অবৈধ ভাৱে বাংলাদেশলৈ চোৰাং পশুধনৰ চালন অব্যহত থকাৰ সময়তে যোৱা আজি ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত কঠাল তলিত পুনৰ ২৪ টা চোৰাং পশুধন ছাগলীয়া আৰক্ষীয়ে জব্দ কৰা ঘটনাই এক চাঞ্চ্যলৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, পশ্চিম বংগৰ পৰা গোপন পথেৰে কঠাল তলিৰ নদীৰ পাৰত অনা হৈছিল পশুধনৰ জাকটোক। অবৈধ ভাৱে বাংলাদেশলৈ চালান কৰাৰ উদ্দেশ্যে পশুধনক যন্ত্ৰ চালিত নাৱত তুলি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ছাগলীয়া আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close