অসম

বানাক্ৰান্তলৈ কঠীয়া পাৰিছে প্ৰাক্তন আলফা ঐক্যমঞ্চই

প্ৰথম খবৰ, নাৰায়ণপুৰ : বান গ’ল, কিন্তু বিপদে ভাৰাক্ৰান্ত কৰি থৈ গ’ল কৃষক ৰাইজক ৷ বলিয়া বানত উটি গ’ল সাধাৰণ কৃষক ৰাইজৰ খেতিপথাৰৰ সোণোৱালী সপোনবোৰ ৷ লখিমপুৰ জিলাৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকসকলক এই ক্ষেত্ৰত সহায় কৰিবলৈ ওলাই আহিছে লখিমপুৰ জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চ ৷ দুৰ্ভগীয়া কৃষকসকলক কঠীয়া যোগান ধৰাৰ মানসেৰে লখিমপুৰ জিলাৰ ভিন্ন ঠাইত প্ৰায় এশ বিঘা মাটিত কঠীয়া পাৰিছে মঞ্চই ৷ শনিবাৰে নাৰায়ণপুৰৰ সমীপৱৰ্তী শৰালিটোপ পথাৰত পাচঁ বিঘা মাটিত কঠীয়া সিচাঁ আৰম্ভ কৰিছে মঞ্চই ৷ দেওবাৰে এই প্ৰয়াস অব্যাহত ৰাখিব লালুক , বিহপুৰীয়া আৰু ৰঙতি অঞ্চলত ৷ জিলা কৃষি বিভাগে বানাক্ৰান্ত কৃষকৰ বাবে ধানৰ বীজ যোগান ধৰিছে যদিও এতিয়াও বহু কৃষকৰ পথাৰত বানৰ পানী থকাত কঠীয়া পাৰিব পৰা নাই কৃষকসকলে ৷ প্ৰাক্তন আলফা ঐক্যমঞ্চৰ সদস্যসকলে তেনে কৃষকক পাৰ্যমানে সহায় কৰি যাব বুলি জানিবলৈ দিছে ৷

Related Articles

Leave a Reply

Close