অসম

বানৰ কবলত গোগামুখ: ন-নৈয়ে ছিঙিলে মথাউৰি, ঢকুৱাখনালৈ পথ যোগাযোগ ব্যাহত

প্ৰথম খবৰ, গোগামুখ: ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে ধেমাজি জিলাৰ বান পৰিস্থিতি৷ কালি নিশা ন-ননৈৰ বাঢ়নী পানীয়ে বৰদলনিৰ কাকৈয়াল আৰু চেনিয়া মথাউৰি চিঙাৰ ফলত গোঁসাইবাৰী, ন নদী বনিয়া গাঁও, কুকুৰ মাৰি আদিকে ধৰি প্লাবিত বহু কেইখন গাঁও৷ প্লাৱিত হৈছে৷ বন্যাৰ্তৰ মাজত খাদ্য, খোৱা পানী সংকটে দেখা দিয়াৰ উপৰি পশু ধন সমূহক লৈ বিপদত পৰিছে গঞা৷ ইপিনে চাম্পৰা নৈয়ে গোগামুখ-ঢকুৱাখনা পথটো চিঙি পেলোৱাৰ উপৰি ম’হবল অংশত পথৰ প্ৰায় চাৰিফুট ওপৰেৰে পানী বাগৰি থকাত বহিঃবিশ্বৰ স’তে যোগাযোগ বিচিন্ন হৈছে ঘিলামৰা, ঢকুৱাখনা আদি অঞ্চলৰ ৷

Related Articles

Leave a Reply

Close