অসম

বান আৰু গৰাখহনীয়াত আক্ৰান্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ 

প্ৰথম খবৰ, নলবাৰী: আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী শ্বহীদ ভৱন বাকৰিত বান আৰু গড়াখহনীয়াত আক্ৰান্ত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহাৰ্য্য, শিশুৰ খাদ্য, চিকিৎসা সেৱা আৰু বানত আক্ৰান্ত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত বিশাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলা খনৰ তিনি শতাধিক ছাত্ৰ কৰ্মী আৰু বিভিন্ন সংগঠনৰ নেতৃত্বত উপস্থিত থকা কাৰ্যসূচীৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই। বিক্ষোভ কাৰ্যসূচীত ভাষন ৰাখি জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠকে কয় – অসমক কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে বান সাহাৰ্য্যৰ নামত মাহী আইৰ চকুৰে চাইছে। এয়া সহ্য কৰা নহ’ব । এনে বৈষম্যই উদঙাই দিছে কেন্দ্ৰীয় শাসিত বিজেপি নেতৃত্বাধীন চৰকাৰে যে অসমৰ সমস্যা গুৰুত্ব নিদিয়ে । কাৰ্যসূচীত জিলা কৰ্মচাৰী পৰিষদৰ সাঃ সম্পাদক উদয় বৰ্মন, শিক্ষক নেতা মোহন হালৈ, অসম উন্নতি সভাৰ জিলা সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, কেন্দ্ৰীয় নেতা অমিয় বৰ্মন আৰু সমাজ সেৱা সংঘৰ সম্পাদক আবেদ আলী প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে ভাষন ৰাখি অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবী তোলে কেন্দ্ৰৰ চৰকাৰৰ ওচৰত।

Related Articles

Leave a Reply

Close