অসম

বান বিধস্ত লখিমপুৰত বান সাহায্য শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ

ব্যুৰ’ ৰিপ’ৰ্ট, প্ৰথম খবৰ: ৰাজ্যৰ অধিকাংশ জিলাতে বানপানীৰ ফলত বন্যাতৰ বিলাই বিপত্তি নোহোৱা হোৱাৰ সময়তে বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে “শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ”। আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত কেন্দ্ৰীয় সেৱা বাহিনীৰ সহযোগত বান বিধস্ত লখিমপুৰ জিলাত বান সাহায্য প্ৰদান কৰে। উল্লেখ যে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অন্তৰ্গত নগাঁও জিলা, কামপুৰ জিলা, কলিয়াবৰ জিলা, মৰিগাওঁ জিলা আৰু হোজাই জিলা শাখাৰ বাপ আই লগতে শুভাকাংক্ষী ৰাইজে আগবঢ়োৱা খাদ্য সামগ্ৰী লৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ কেন্দ্ৰীয় সেৱাবাহিনীৰ সচিব অচ্যুতকৃষ্ণ কলিতাৰ নেতৃত্বত এটি কেন্দ্ৰীয় সেৱা বাহিনীৰ দলে বান বিধস্ত লক্ষীমপুৰ জিলাত এই বান সাহায্য বিতৰণ কৰে । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত বান সাহায্য আগবঢ়োৱা প্ৰতিজন বাপ আই লগতে শুভাকাংক্ষীক কেন্দ্ৰীয় সেৱাবাহিনী তৰফৰপৰা  কৃতজ্ঞতা সেৱা আগবঢ়োৱা লগতে অনাগত দিনত শুভাকাংক্ষী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। বান সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, প্ৰাক্তন সম্পাদক বাবুল বৰা, কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক শঙ্কৰ শইকীয়াকে ধৰি সঙ্ঘৰ বিষয়ববীয়াসকল।

Related Articles

Leave a Reply

Close