অসম

বান সাহায্যৰ্থে স্বৰগম সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠিত কৰিলে সংগীতৰ সমলয় অনুষ্ঠান 

প্ৰথম খবৰ, শিৱসাগৰ: অসমৰ প্ৰলংকাৰী বানত ক্ষতিহোৱা লোকসকলক সহায়ৰ হাত আগবঢ়ালৈ শিৱসাগৰৰ আগশাৰী সাংস্কৃতিক অনুষ্ঠান স্বৰগম সাংস্কৃতিক গোষ্ঠীয়ে বানত ক্ষতিগ্ৰস্থ লোকসকলৰ সাহায্যৰ্থে ১৪ জুলাইৰ পৰা দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সহযোগত সংগীত সমলয় অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি সন্ধ্যা প্ৰায় ৭.৩০ বজাৰ পৰা এই সংগীতানুস্থান ৰূপায়ণ কৰিব শিৱসাগৰৰ দ’লমূখ চাৰিআলিস্থিত খেমক ভূপেন হাজৰিকা স্মৃতি সৌধৰ কাষত। এই অনুষ্ঠানৰ জৰিয়তে যি অৰ্থ বা সামগ্ৰী সংগ্ৰহ হ’ব সমুদাই বানাক্ৰান্ত সকলক প্ৰদান কৰিব বুলি ” স্বৰৰ্গম ” সাংস্কৃতিক গোষ্ঠীৰ অন্যতম বিষয়ববিয়া জিতুজ্যোতি গগৈয়ে জানিবলৈ দিছে। উক্ত অনুষ্ঠানত গায়ক জিতুজ্যোতি গগৈ, ৰঞ্জিত দাসকে ধৰি বহুকেইজন কন্ঠশিল্পীয়ে কণ্ঠদান কৰিছে। তেখেতসকলৰ এই প্ৰচেষ্টাক সমগ্র শিৱসাগৰ বাসীয়ে ভূৱসী প্ৰসংশা কৰিছে।

Related Articles

Leave a Reply

Close