অসম

বিজনীত কিশোৰৰ সলিল সমাধি

প্ৰথম খবৰ, বিজনী: চিৰাং জিলাৰ বিজনীৰ ফাগুনাগাঁৱৰ মানাস নদীত সমনীয়াৰ সৈতে গা ধূবলৈ গৈ অভিজিত ৰায় নামৰ ১৫ বছৰয়ীয়া কিশোৰ এগৰাকীৰ সলিল সমাধি ঘটে। নৈৰ পানীত বুৰ গৈ মৃত্যু হয় কিশোৰগৰাকীৰ। প্ৰায় ২ ঘণ্টা সময়ৰ পিছত স্থানীয় লোকে কিশোৰ গৰাকীৰ মৃতদেহতো উদ্ধাৰ কৰে। উল্লেখ্য যে, আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হয় বুলি ৰাইজে অভিযোগ কৰে।

Related Articles

Leave a Reply

Close