অসম

বিজেপিৰ দুই ফৈদৰ মাজত তীব্ৰ সংঘাত, আহত ১

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা মৌজাৰ শিঙিমাৰীত বিজেপি দলৰ দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয় শিঙিমাৰীত৷আজি পূব শিঙিমাৰী গাঁৱৰ গুলজাৰ হুছেইন নামৰ বিজেপি দলৰ পালি নেতা তথা এমই স্কুলৰ শিক্ষকজনক বিজেপি দলৰেই আন এটা ৮-১০ দলে ৰুপহীহাটৰ বৰতলত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই আক্ৰমণৰ ঘটনাত গুলজাৰ হুছেইন গুৰুতৰভাৱে আহত হোৱাৰ লগতে চাৰিচকীযা বাহনখনৰো ক্ষতি হয়৷আহত গুলজাৰক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ঘটনা সন্দৰ্ভত গুলজাৰে ৰুপহীহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে৷

উল্লেখ্য যে যোৱা পৰহি লাওখোৱা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা জ্যোতিষ দাসৰ নগাঁৱৰ ভাৰাঘৰত চৰকাৰী কামৰ অনুমোদনৰ বাবে পূব শিঙিমাৰীৰ গুলজাৰ হুছেইন, আব্দুৰ ৰহিম আৰু পশ্চিম শিঙিমাৰী গাঁওৰ ইমৰান হুছেইন, ইদ্দিছ আলী উপস্থিত হৈছিল৷ কামৰ অনুমোদৰ বাবে গুলজাৰ আৰু ৰহিমৰ মাজত অভিযন্তাৰ ঘৰতেই মাৰপিট আৰম্ভ হয়৷

জানিব পৰা মতে সেই ঘটনা সন্দৰ্ভত ৰহিমে গুলজাৰৰ নামত ৰুপহীহাট থানাত এজাহাৰ দাখিল কৰিছিল৷ কিন্তু গুলজাৰৰ লগত বিজেপি দলৰ এজন শীৰ্ষ নেতাৰ ভাল সম্পৰ্ক থকাৰ বাবে গুলজাৰক আৰক্ষীয়ে আটক নকৰিলে যাৰ বাবে আজি ৰহিমৰ মানুহে গুলজাৰৰ ওপৰত আক্ৰমন চলায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close