অসম

বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ অন্য এক ৰূপত

প্ৰথম খবৰ,খৈৰাবাৰী: ধৰাৰ বুকুলৈ ভৰ বাৰিষা নামিছে। চহা খেতিয়কৰ ব্যস্ততা বাঢ়িছে। নিজ খেতিডৰা চহাই মেলি সোণগুটি সিঁচিব লাগে। প্ৰত্যেকজন অসমীয়া খেতিয়কৰ এতিয়া সেয়াই সপোন। মাটি আৰু খেতিয়কৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ যি এনাজৰী তাকেই প্ৰকট কৰি দেখুৱালে বিটিচিৰ জনপ্ৰিয় কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে। ৰাইজৰ বিভিন্ন কামত ব্যস্ত হৈ থকাৰ মাজতো তেওঁ কিছু সময় উলিয়াই নিজ খেতিডৰা চহোৱা তথা ৰোৱনীক ভূই ৰোৱাত কিছু সহায় কৰি দিলে। তেওঁ এই কৰ্মৰ যোগেদি কৰ্মৰ যে সৰু বৰ নাই তাৰেই উদাহৰণ দাঙি ধৰিলে। সচৰাচৰ নেদেখা এখন ছবি জনসাধাৰণে দেখিবলৈ পালে।

Related Articles

Leave a Reply

Close