অসম

বিদ্যুৎ বিভাগৰ গাফিলতিতে লখিমপুৰত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰী নিহত

প্ৰথম খবৰ, লখিমপুৰ: বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই আজি উত্তৰ লখিমপুৰ নগৰৰ ১২ নং ৱাৰ্ডৰ কেশৱ চন্দ্ৰ গোস্বামী পথৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰীয়ে অকাল মৃত্যুক সাৱটি ল’ব লগা হোৱা ঘটনাই সমগ্ৰ নগৰখনতে গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰত্যক্ষদর্শীৰ পৰা জানিব পৰা মতে, ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বিগত দুমহাৰো অধিক কাল কৃত্ৰিম বানত বুৰ গৈ থকা ৱাৰ্ডটোৰ বাসিন্দা তথা কে.বি. ৰোডৰ অনামিকা ষ্টুডিঅ’ৰ স্বতাধিকাৰ সতীশ ডেকাৰ জ্যেষ্ঠ কন্যা ধৰিত্ৰী ডেকাই (ধীমী) আন দিনাৰ দৰে আজিও বিয়লি উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ পৰা উভতি অহা ভনীয়েকক আগবঢ়াই নিবলৈ যাওঁতেই পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সংজ্ঞাহীন হৈ পৰে । ছাত্ৰী গৰাকীক চুবুৰীয়া ৰাইজে ততাতৈয়াকৈ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে তাইৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে । কৃত্ৰিম লখিমপুৰ নগৰৰ ১২ নং ৱাৰ্ডৰ ২৭ টাকৈ পৰিয়ালে দুমাহৰো অধিক কাল জলবন্দী হৈ থাকিব লগা হোৱাৰ পিছত আজি ৱাৰ্ডটোৰে এগৰাকী অতি অমায়িক ছাত্ৰীয়ে বিদ্যুৎস্পষ্ট হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হোৱা ঘটনাই সমগ্ৰ নগৰখনতে গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে স্থানীয় ৰাইজ বিদ্যুৎ বিভাগ আৰু পৌৰ প্ৰশাসন তথা চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। প্রণিধানযোগ্য যে, স্থানীয় ৰাইজে অতি চাপৰতে বিপদজনকভাৱে ওলমি থকা অতি পুৰণি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰসমূহ সলনি কৰিবলৈ আহ্বান জনোৱাৰ পিছতো বিভাগটোৱে ৰাইজৰ আহ্বানলৈ কৰ্ণপাত নকৰাৰ বাবেই মৰ্মান্তিক ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। নিহত ছাত্ৰীগৰাকীয়ে এইবাৰ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

Related Articles

2 thoughts on “বিদ্যুৎ বিভাগৰ গাফিলতিতে লখিমপুৰত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰী নিহত”

  1. প্ৰথম খবৰ পৰিয়াললৈ অভিনন্দন জনালোঁ । এই পৰিয়ালৰ লগত কাম কৰাৰ হেঁপাহ জাগিল । বিধি ব্যৱস্থা সম্পকে জানিব পাৰিমনে ?

Leave a Reply

Close