অসম

বিদ্ৰোহী কবি জ্যোতিপ্ৰসাদ আৰু কাজী নজৰুল ইছলামৰ জন্ম জয়ন্তী উদযাপন-আলোচনা চক্ৰ সম্পন্ন

প্ৰথম খবৰ, ৰূপহীহাট: জ্যোতিপ্ৰসাদ আৰু নজৰুল জন্ম জয়ন্তী উদযাপন সমিতি নগাঁৱৰ উদ্যোগত অন্যান্য বছৰৰ দৰে এইবাৰে কবি দুগৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। তদুপলক্ষে নগাঁও শ্বহীদ ভৱন প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিদ্ৰোহী কবি দুগৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পনেৰে ৯ বজাত আৰম্ভ হোৱা অনুষ্ঠানত চিত্ৰাংকন, জ্যোতি আৰু নজৰুল সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত নগাঁও জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। বিয়লি খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সাগৰ বৰুৱাৰ সঞ্চালনাত “সাম্প্ৰদায়িকতা আৰু অপসংস্কৃতি নিৰাময়ৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আৰু নজৰুলৰ শিল্প-দৰ্শন চৰ্চাৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়ত এখনি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনাত মুখ্য বক্তা হিচাপে বিশিষ্ট লেখক, শংকৰী সংস্কৃতিৰ গৱেষক ইছমাইল হুছেইন উপস্থিত থাকি বক্তব্য আগবঢ়ায়। একেখন বিষয়তে নিৰ্দিষ্ট বক্তা হিচাপে ৰূপহী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক আব্দুছ ছবুৰে বক্তব্য দাঙি ধৰে। উক্ত আলোচনা চক্ৰৰ অন্তত চিত্ৰাংকন, জ্যোতি আৰু নজৰুল সংগীত প্ৰতিযোগিতাত বিজয়ীসকলৰ মাজত বঁটা বিতৰণী সভা আৰু স্থানীয় কেইবা গৰাকী শিল্পীৰ দ্বাৰা কবি-গীতিকাৰ দুজনাৰ সংগীত পৰিৱেশনেৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰে।

Related Articles

Leave a Reply

Close