অসমশীৰ্ষ

বিশ্বনাথৰ ভাৰ্গৱ শইকীয়াৰ ‘দ্যা ব্লেক কেট’ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: বিশ্বনাথ চাৰিআলিৰ উদীয়মান যুৱ প্ৰযোজক, পৰিচালক ভাৰ্গৱ শইকীয়াৰ দ্যা ব্লেককেট নামৰ চুটি চলচ্চিত্ৰ খনে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ফিল্ম কুৱেষ্ট নামৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ আমন্ত্ৰণ লাভ কৰিছে। প্ৰতিযোগিতাৰ বাবে বিভিন্ন দেশৰ নামী প্ৰযোজকৰ বোলছবিয়ে ভাগ লোৱা এই মহোৎসৱ খন অহা ৮ ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ প্রভো নামৰ ঠাইখনত অনুষ্ঠিত হব। ‘দ্যা ব্লেক কেট’ নামৰ বোলছবি খনৰ প্ৰযোজনা,পৰিচালনা আৰু চিত্ৰনাট্য ভাৰ্গৱৰ নিজৰ। বোলছবি খনৰ মূল কাহিনীটো শিশু সুলভ কল্পনাৰে পৰিপুষ্ট প্ৰখ্যাত ইংৰাজী সাহিত্যিক ৰাস্কিন বণ্ডে লিখা। বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বলিউদৰ বিশাল ভাৰদ্বাজৰ পাছত ভাৰ্গৱে ৰাস্কিন বণ্ড কাহিনীৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লিখকৰ অনুমতি লাভ কৰি ভাৰ্গৱে নিজকে সৌভাগ্যৱান বুলি আত্ম সন্তুষ্টি প্ৰকাশ কৰিছে। বোলছবিখনত অভিনয় কৰিছে বলিউদ তথা হলীউদৰ খ্যাতনামা অভিনেতা টম আল্টাৰ আৰু শ্বেনাজ পেটেলে । বোলছবি খনৰ দৃশ্যগ্ৰহণ হৈছে উত্তৰাখণ্ডত । স্মতব্য যে ২০১৫-১৬ চনত ভাৰ্গৱৰ নিজা কাহিনী, প্ৰযোজনা আৰু পৰিচালনাৰ এৱেকেনিংছ নামৰ চুটি ভৌতিক হিন্দী বোলছবিখনে বিশ্বৰ ১৭৪ খন ঠাইত প্ৰদৰ্শনৰ লগতে বিভিন্ন শিতানত ২৮ টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ উপৰি ৫৭ বাৰ পুৰস্কাৰৰ বাবে মনোনীত হৈ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ভাৰ্গৱৰ আন এখন পূৰ্ণাংগ হিন্দী বোলছবি ‘কাফিৰো কি নামাজে’ ২০১৪ চনত দিল্লীৰ দাদা চাহেব ফাল্কে বোলছবি মহোৎসৱত শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী আৰু শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ, ২০১৪ চনত কাশ্মীৰৰ লাডাখত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত শ্ৰেষ্ঠ বোলছবি, শ্ৰেষ্ঠ নৱ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ লাভ কৰে আৰু একে বছৰতে উত্তৰ কোৰিয়া জিয়ানজু আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশ্বৰ প্ৰথম দহখন বোলছবিৰ ভিতৰত স্থান লাভ কৰি মূল প্ৰতিযোগিতাত ভাগ লবলৈ সক্ষম হয়। উক্ত বোলছবিখনে ২০১৪ চনৰ শেষৰ ফালে শ্ৰীলংকা,নৰৱে, ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।

Related Articles

Leave a Reply

Close